জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন নিহত...

Public Talks
0

 


জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন নিহত

জালুকবাৰীৰ পদুমবৰিৰ সমীপত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। জানিব পৰা মতে, জালুকবাৰী দিশৰ পৰা গৰচুক অভিমুখে গৈ থকা এখন তীব্ৰবেগী বাহনে লোকজনক খুন্দিয়াই পথৰ দাঁতিত পেলাই থৈ যায়।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয়। নিহত লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। জালুকবাৰী যান-বাহন আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখনৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)