নেপালত ভয়ংকৰ বান-ভূমিস্খলন: অসম চৰকাৰৰ বিশেষ জাননী...

Public Talks
0

 


নেপালত ভয়ংকৰ বান-ভূমিস্খলন: অসম চৰকাৰৰ বিশেষ জাননী

গুৱাহাটী, ২৭ আগষ্ট: নেপালত অব্যাহত থকা ভয়ংকৰ বান আৰু ভূমিস্খলনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বিশেষ জাননী জাৰি কৰিছে। নেপালত আবদ্ধ হৈ থকা অসমৰ লোকসকলক প্ৰয়োজনীয় সহায়-সহযোগিতাৰ বাবে অসম ভৱন, নতুন দিল্লীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

যোগাযোগ নম্বৰ: ৯১০১০৮৯১৫১, ৯৮৬১৭০৫০০৭, ০১১-২৩০১০২৯৯/১৯৮, ২৬৮৭৭১১১।

ইফালে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে বান পৰিস্থিতিক লৈ ফেচবুকযোগে উদ্বেগ প্ৰকাশ কৰিছে। বানপানীৰ ফলত ৰসুৱা জিলাত ৭জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৬জন আৰক্ষী আৰু নিৰাপত্তাৰক্ষী সন্ধানহীন হৈ আছে। বান-বিধ্বস্ত অঞ্চলটোৰ পৰা ২৫জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে।

উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি ১৪খন হেলিকপ্টাৰেৰে অভিযান অব্যাহত ৰখা হৈছে।

Tags

Post a Comment

0Comments

Post a Comment (0)