মহিলা ক্ৰিকেটত অসমৰ গৌৰৱ: ইণ্ডিয়া ‘A’ দলত দুই অসমীয়া জীয়ৰী
গুৱাহাটী, ২৭ আগষ্ট: মহিলা ক্ৰিকেটত অসমলৈ আহিল গৌৰৱৰ খবৰ। আগন্তুক অষ্ট্ৰেলিয়া ‘A’ মহিলা দলৰ ভাৰত ভ্ৰমণৰ বাবে ঘোষিত ইণ্ডিয়া ‘A’ দলত স্থান লাভ কৰিছে অসমৰ দুই প্ৰতিভাৱান ক্ৰিকেটাৰ উমা ছেত্ৰী আৰু জিন্তিমণি কলিতাই।
BCCIৰ ঘোষিত সূচী অনুসৰি, অষ্ট্ৰেলিয়া ‘A’ৰ বিৰুদ্ধে ইণ্ডিয়া ‘A’ দলে ৩খন T20, ৩খন এদিনীয়া আৰু এখন মাল্টি-ডে মেচ খেলিব।
উমা ছেত্ৰীয়ে T20 আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে স্থান লাভ কৰাৰ বিপৰীতে জিন্তিমণি কলিতাই T20, এদিনীয়া আৰু মাল্টি-ডে—তিনিওটা ফৰ্মেটতে দলত স্থান লাভ কৰিছে।
দুয়োগৰাকী অসমীয়া ক্ৰিকেটাৰৰ এই সাফল্যই অসমৰ মহিলা ক্ৰিকেটলৈ কঢ়িয়াই আনিছে নতুন আশাৰ বতৰা। তেওঁলোকৰ সফলতাত ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে।
