ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘খেলো ইণ্ডিয়া সম্বাদ’, যুৱসমাজক ক্ৰীড়াৰ আহ্বান...

Public Talks
0

 


ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘খেলো ইণ্ডিয়া সম্বাদ’, যুৱসমাজক ক্ৰীড়াৰ প্ৰতি আগবাঢ়াৰ আহ্বান

ছাত্ৰ-ছাত্ৰীৰ পৰামৰ্শত অত্যাধুনিক ছুইমিং পুলৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়, ২৭ আগষ্ট: ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি ‘খেলো ইণ্ডিয়া সম্বাদ—খেল কি বাত পিএম কে সাথ’ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে।


অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰায় ৮ লাখ যুৱক-যুৱতীক ভাৰ্চুৱেলী সম্বোধন কৰি ক্ৰীড়াক সুস্থ, সবল আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ অন্যতম শক্তিশালী মাধ্যম হিচাপে গঢ়ি তোলাৰ আহ্বান জনায়।

ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নত কৰাৰ বাবে আগবঢ়োৱা পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই সৰ্বানন্দ সোণোৱালে বিশ্ববিদ্যালয় চৌহদত এটা অত্যাধুনিক ছুইমিং পুল নিৰ্মাণৰ ঘোষণা কৰে। লগতে শীৰ্ষস্থানীয় ক্ৰীড়াবিদসকলৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়ামূলক ভ্ৰমণৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে।


অনুষ্ঠানত ভাৰতীয় ফুটবলৰ প্ৰাক্তন অধিনায়ক তথা কিংবদন্তি খেলুৱৈ বাইচুং ভূটীয়া উপস্থিত থাকি নিজৰ ক্ৰীড়া জীৱনৰ অভিজ্ঞতা ছাত্ৰ-ছাত্ৰীৰ সৈতে ভাগ-বতৰা কৰে।

সোণোৱালে কয় যে ক্ৰীড়া কেৱল পদক অৰ্জনৰ মাধ্যম নহয়; ই অনুশাসন, একাগ্ৰতা, নেতৃত্ব, দলীয় মনোভাৱ আৰু মানসিক দৃঢ়তা গঢ়ি তোলে। প্ৰধানমন্ত্ৰীৰ ‘ফিট ইণ্ডিয়া’ৰ সপোন বাস্তৱায়িত কৰিবলৈ ক্ৰীড়াক জীৱনশৈলীৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তোলাৰ বাবেও তেওঁ যুৱসমাজক আহ্বান জনায়।

অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা, পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালসহ শিক্ষক-শিক্ষয়িত্ৰী আৰু বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

Tags

Post a Comment

0Comments

Post a Comment (0)