টীয়কত আৰক্ষীৰ অভিযানত অবৈধ পিষ্টল–সক্ৰিয় গুলী জব্দ...

Public Talks
0

 


টীয়কত আৰক্ষীৰ অভিযানত অবৈধ পিষ্টল–গুলী জব্দ

কাকজানৰ কমাৰখাটোৱাল গাঁৱত অভিযান, অমিতাভ ভূঞাৰ বাসগৃহৰ পৰা উদ্ধাৰ

যোৰহাট, ২৬ আগষ্টঃ যোৰহাট জিলাৰ টীয়কত আৰক্ষীয়ে চলোৱা এক অভিযানত অবৈধ মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলী জব্দ কৰিবলৈ সক্ষম হয়। কাকজান আৰক্ষী থানাৰ অন্তৰ্গত কমাৰখাটোৱাল গাঁৱত অভিযান চলাই আৰক্ষীয়ে অমিতাভ ভূঞা নামৰ এজন ব্যক্তিৰ বাসগৃহৰ পৰা এটা পিষ্টল আৰু সক্ৰিয় গুলী উদ্ধাৰ কৰে।

আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। উদ্ধাৰ হোৱা পিষ্টল আৰু গুলী ক’ৰ পৰা আহিল, ইয়াৰ সৈতে কোনো অপৰাধী চক্ৰ জড়িত আছে নেকি, সেই বিষয়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইফালে, জব্দ কৰা মাৰণাস্ত্ৰ আৰু গুলীৰ বৈধতা তথা ঘটনাটোৰ সৈতে জড়িত অন্যান্য তথ্য পৰীক্ষা কৰি আছে আৰক্ষীয়ে। ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Tags

Post a Comment

0Comments

Post a Comment (0)