শিলচৰ, ২৬ আগষ্ট: মালিগাঁৱত মঙলবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জোনেল ৰে’ল যাত্ৰী পৰামৰ্শদাতা কমিটীৰ ৯৮সংখ্যক বৈঠক অনুষ্ঠিত হয়। জেনেৰেল মেনেজাৰ চেতন কুমাৰ শ্ৰীবাস্তৱৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত লংকা–ময়নাৰবন্দ বিকল্প ৰে’লপথৰ নিৰ্মাণৰ দাবী উত্থাপন কৰা হয়।
বৈঠকত কৰিমগঞ্জৰ সাংসদ কৃপা নাথ মালাহে লংকা–ময়নাৰবন্দ ৰে’লপথৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ লগতে হাইলাকান্দি, লালা, কাটলিচেৰা আৰু দূৰ্লভছৰা ৰে’ল ষ্টেচনৰ উন্নয়নৰ দাবী জনায়।
কমিটীৰ সদস্য ড০ হাৰাণ দেই দক্ষিণ অসমৰ লগতে মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বাবে এই ৰে’লপথৰ গুৰুত্ব উল্লেখ কৰি সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণৰ দাবী জনায়। শিলচৰ ষ্টেচনত স্থানৰ অভাৱৰ বাবে দুধপাতিলত বিকল্প ৰে’ল ষ্টেচন নিৰ্মাণৰ দাবীও উত্থাপন কৰে।
বৈঠকত গগামুখ–মাজুলী–যোৰহাট ৰে’লপথ, বদৰপুৰঘাটত দলং নিৰ্মাণ, ধুবুৰী–চিলঘাট ৰুটত ৰাজ্য ৰাণী ৰে’ল সপ্তাহৰ সাতোটা দিন চলোৱা আৰু ৰে’লত চুৰি-ডকাইতি ৰোধৰ দাবী উত্থাপন হয়। গুৱাহাটী এক্সপ্ৰেছৰ নাম সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নামেৰে কৰাৰ প্ৰস্তাৱত জেনেৰেল মেনেজাৰে ৰে’লৰ নাম ব্যক্তিৰ নামেৰে ৰখা নহয় বুলি জনায়।
বৈঠকত ৰে’ল ষ্টেচনত বৃদ্ধসকলৰ বাবে হুইলচেয়াৰৰ ব্যৱস্থা কৰাৰ দাবীও উত্থাপন কৰা হয়। কেইবাগৰাকী সাংসদ আৰু বিধায়কেও বৈঠকত অংশগ্ৰহণ কৰে।