শিৱসাগৰত বানপীড়িতৰ মাজত সাহায্য বিতৰণ খালীৰ...

Public Talks
0

 


বানাক্ৰান্তৰ কাষত দ্য গ্ৰেট খালী, শিৱসাগৰত সাহায্য বিতৰণ

শিৱসাগৰ, ২১ আগষ্ট: WWE-ৰ প্ৰাক্তন তাৰকা আৰু ভাৰতীয় মল্লযোদ্ধা দ্য গ্ৰেট খালী (দলীপ সিং ৰাণা) অসমৰ বানপীড়িত ৰাইজৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়ায়।

দুদিনীয়া অসম ভ্ৰমণসূচীৰে অহা খালীয়ে ডিব্ৰুগড়ত উপস্থিত হৈ শিৱসাগৰৰ দৰিকালৈ যায়। বানত ক্ষতিগ্ৰস্ত প্ৰায় ৪০০–৫০০টা পৰিয়ালৰ মাজত বিচনা, কম্বল, গাৰু, পানী ফিল্টাৰসহ বিভিন্ন সাহায্য সামগ্ৰী বিতৰণৰ উদ্যোগ লোৱা হয়।

সংবাদ মাধ্যমৰ আগত খালীয়ে কয় যে সংকটৰ সময়ত বানাক্ৰান্ত লোকৰ কাষত থিয় দিয়াটো সকলোৰে দায়িত্ব। লগতে দেশৰ আন তাৰকা তথা সামৰ্থ্যৱান লোকসকলকো অসমৰ বানপীড়িত ৰাইজক সহায় কৰিবলৈ আহ্বান জনায়।

Tags

Post a Comment

0Comments

Post a Comment (0)