বৰ্ণিবাৰীত ড্ৰাগছবিৰোধী অভিযান, ৩৯টা ট্ৰামাডল জব্দ
নলবাৰী: গোপন তথ্যৰ ভিত্তিত নলবাৰী আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত বৰ্ণিবাৰীত ৩৯টা ট্ৰামাডল (Tramadol) টেবলেট জব্দ কৰা হয়। মুকালমুৱা থানাৰ অন্তৰ্গত বৰ্ণিবাৰী পেট্ৰ’ল প’ষ্টৰ আৰক্ষীৰ এটা দলে অভিযান চলাই বৰ্ণিবাৰীৰ বাসিন্দা কামেজ আলীৰ পুত্ৰ **মিৰাজুল হক ওৰফে আব্বা (৩০)**ক আটক কৰে।
আৰক্ষীয়ে অভিযুক্তজনৰ পৰা ২৮.৪৬ গ্ৰাম ওজনৰ ৩৯টা ট্ৰামাডল টেবলেট জব্দ কৰে। ঘটনাটোৰ সন্দৰ্ভত অভিযুক্তজনৰ বিৰুদ্ধে আইন অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
