বানপীড়িতৰ কাষত সময় গগৈ, তিনিটা পৰিয়ালক নতুন ঘৰ
মানৱীয় পদক্ষেপেৰে তিনিটা বানাক্ৰান্ত পৰিয়াললৈ নতুন আশ্ৰয়
বানপানীত ঘৰ-বাৰী হেৰুৱাই অসহায় হৈ পৰা তিনিটা পৰিয়ালৰ কাষত থিয় দিলে সমাজকৰ্মী তথা কনটেণ্ট ক্ৰিয়েটৰ সময় গগৈ। সময় গগৈ আৰু তেওঁৰ সহযোগীসকলে উদ্যোগ গ্ৰহণ কৰি নিৰ্মাণ কৰা তিনিটা নতুন ঘৰ শেহতীয়াকৈ বানপীড়িত পৰিয়ালক অৰ্পণ কৰা হয়।
বানপীড়িত লোকসকলক কেৱল তাৎক্ষণিক সাহায্য প্ৰদান কৰাই নহয়, পুনৰ সংস্থাপনৰ ক্ষেত্ৰতো সহায়ৰ হাত আগবঢ়োৱা এই পদক্ষেপে ব্যাপক প্ৰশংসা লাভ কৰিছে।
