নেপালৰ বানত সন্ধানহীন মুকুল ৰয়ৰ বোৱাৰী
কলকাতা, ২৭ আগষ্ট: নেপালত অব্যাহত থকা ভয়ংকৰ বান-ভূমিস্খলনৰ মাজতে সন্ধানহীন হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰয়ৰ বোৱাৰী শৰ্মিষ্ঠা ভৌমিক ৰয়। উত্তৰ ২৪ পৰগনা জিলাৰ বাসিন্দা শৰ্মিষ্ঠাই স্বামীৰ সৈতে নেপাল ভ্ৰমণলৈ গৈছিল।
২৫ আগষ্টৰ নিশাৰ পৰা স্বামীৰ সৈতে পৰিয়ালৰ কোনো যোগাযোগ হোৱা নাই। বানৰ ভয়ংকৰ পৰিস্থিতিৰ মাজত তেওঁলোকৰ সন্ধান নোপোৱাত পৰিয়ালৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। উদ্ধাৰকাৰী সংস্থাৰ সহযোগত সন্ধান অভিযান অব্যাহত আছে।
