সুবিধা নাছিল, আছিল সপোন—NEETত ৬১০ নম্বৰেৰে বিষু লিম্বুৰ চমক...

Public Talks
0

 


সুবিধা নাছিল, আছিল সপোন—NEETত ৬১০ নম্বৰেৰে বিষু লিম্বুৰ চমক

তিনিচুকীয়াৰ ১৮ বছৰীয়া বিষু লিম্বুৰ সফলতাৰ কাহিনীয়ে সকলোকে অনুপ্ৰাণিত কৰিছে। ঘৰত বিদ্যুৎ, ইণ্টাৰনেট বা মোবাইল ফোনৰ সুবিধা নথকাৰ লগতে কোনো কোচিং নকৰাকৈয়ে ঘৰতে নিজে অধ্যয়ন কৰি NEET-UG ২০২৬ত ৭২০ৰ ভিতৰত ৬১০ নম্বৰ লাভ কৰিছে বিষুৱে।

সীমিত সা-সুবিধাৰ মাজতো নিজৰ লক্ষ্যৰ প্ৰতি অটল হৈ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই সফলতা অৰ্জন কৰিছে তেওঁ।

বিষুৱে কয়, “সফলতাৰ বাবে সদায় ডাঙৰ সুবিধাৰ প্ৰয়োজন নহয়; প্ৰয়োজন ডাঙৰ সপোন, আত্মবিশ্বাস আৰু অক্লান্ত পৰিশ্ৰমৰ।”

তেওঁৰ এই সাফল্যই প্ৰমাণ কৰিলে—সীমিত সম্পদে সপোনক বাধা দিব নোৱাৰে, যদি লক্ষ্য দৃঢ় হয়। বিষু লিম্বুলৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ শুভকামনা।

Tags

Post a Comment

0Comments

Post a Comment (0)