১ ছেপ্টেম্বৰত আইআইটি গুৱাহাটীৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস...

Public Talks
0


 

আইআইটি গুৱাহাটীৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ১ ছেপ্টেম্বৰত

গুৱাহাটী, পিএন চি, ২৭ আগষ্ট: ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) গুৱাহাটীৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১ ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপনৰ বাবে সাজু হৈছে।

উদযাপনৰ অংশ হিচাপে মুকলি আলোচনাৰ লগতে স্থানীয় বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিষ্ঠান পৰিদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। দৰ্শনাৰ্থীসকলে আইআইটি গুৱাহাটীৰ বিভিন্ন গৱেষণাগাৰ, অত্যাধুনিক সা-সুবিধা, গ্ৰন্থাগাৰ আৰু ক্ৰীড়া আন্তঃগাঁথনি পৰিদৰ্শনৰ সুযোগ লাভ কৰিব।

অনুষ্ঠানত আইআইটি গুৱাহাটীৰ গৌৰৱময় যাত্ৰা আৰু কৃতিত্বক সামৰি এখন তথ্যচিত্ৰও উন্মোচন কৰা হ’ব। প্ৰাক্তন সঞ্চালক, বিশিষ্ট অতিথি আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে অনুষ্ঠানটো অধিক গৰিমামণ্ডিত কৰাৰ সম্ভাৱনা আছে।

Tags

Post a Comment

0Comments

Post a Comment (0)