নেপালৰ মহাপ্ৰলয়ত সন্ধানহীন ৩০০ৰো অধিক ভাৰতীয়
কাঠমাণ্ডু: নেপালত ভয়াৱহ বান আৰু ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা মহাপ্ৰলয়ত ৩০০ৰো অধিক ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছে। নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে এই তথ্য প্ৰকাশ কৰিছে।
মহাপ্ৰলয়ত বৰ্তমানলৈ ১৭৮জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১,৫০০জন দেশী-বিদেশী নাগৰিক সন্ধানহীন হৈ আছে। উদ্ধাৰ অভিযান অব্যাহত আছে।
নেপাল কৰ্তৃপক্ষৰ তথ্য অনুসৰি, বৰ্তমানলৈ ভাৰতৰ ২১জন নাগৰিকক উদ্ধাৰ কৰা হৈছে। আনহাতে সন্ধানহীনসকলৰ ভিতৰত নেপালৰ ১১৪জন, ইউক্ৰেইনৰ ৫৩জন, অষ্ট্ৰেলিয়াৰ ৩৪জন, আমেৰিকাৰ ৬৩জন, মালয়েছিয়াৰ ২৮জন আৰু কানাডাৰ ২৫জন নাগৰিক আছে বুলি জানিব পৰা গৈছে।
উদ্ধাৰকাৰী দলে দুৰ্গত অঞ্চলসমূহত অভিযান তীব্ৰতৰ কৰি তুলিছে
