কাছাৰত ১৬৮ কোটি টকাৰ য়াবা টেবলেট জব্দ
কাছাৰ, ২৭ আগষ্ট: কাছাৰ জিলাৰ জুজাং পাহাৰত অসম ৰাইফলছ আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (DRI)-ৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ য়াবা টেবলেট জব্দ কৰা হয়। অভিযানত প্ৰায় ৫.৬ লাখ য়াবা টেবলেট উদ্ধাৰ কৰা হয়, যাৰ আনুমানিক বজাৰ মূল্য ১৬৮ কোটি টকা বুলি জানিব পৰা গৈছে।
এই ঘটনাৰে জড়িত থকাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰি অধিক তদন্ত অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনী আৰু সংশ্লিষ্ট সংস্থাই।
