লিডুত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিক্ষোভ
মাৰ্ঘেৰিটা: উত্তৰ-পূব কয়লা ক্ষেত্ৰক অধিক উৎপাদনক্ষম আৰু কাৰ্যক্ষম কৰি তোলাৰ লগতে থলুৱা নিবনুৱাৰ স্থায়ী নিযুক্তিৰ দাবীত লিডুত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।
সংগঠনটোৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত লিডু ৰাজপথত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। বন্ধ আৰু স্থবিৰ হৈ থকা উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ খনিসমূহ পুনৰ কাৰ্যক্ষম কৰা, কয়লা উৎপাদন বৃদ্ধি কৰা আৰু অঞ্চলটোৰ অৰ্থনীতি শক্তিশালী কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।
লগতে মাৰ্ঘেৰিটাত শীঘ্ৰে খনি-প্ৰযুক্তি বিদ্যালয় স্থাপন কৰাৰ লগতে স্থানীয় শিক্ষিত যুৱক-যুৱতীক অগ্ৰাধিকাৰ ভিত্তিত স্থায়ী নিযুক্তি প্ৰদানৰ দাবী উত্থাপন কৰে সংগঠনটোৱে।
তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি কাঞ্চন বৰা, মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি বিমল সিং আৰু সম্পাদকৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদত বৃহৎসংখ্যক যুৱ-ছাত্ৰৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
ৰিপ’ৰ্টাৰ: বিকি দাস, মাৰ্ঘেৰিটা
