পাঠশালাত অৰ্ধনিৰ্মিত বজাৰ ভৱন, ঠিকাদাৰক আমানতৰ ধন মোকলাই দিয়াক লৈ ৰহস্য...

Public Talks
0


পাঠশালা, বজালী: পাঠশালা পৌৰসভাত কোটি টকাৰ আঁচনি ৰূপায়ণক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। পাঠশালা দৈনিক বজাৰত নিৰ্মাণাধীন বাণিজ্যিক ভৱনটো ১২ বছৰ ধৰি অৰ্ধনিৰ্মিত হৈ থকাৰ মাজতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানক আমানতৰ ধন মোকলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে, ‘Construction of Commercial Complex at Pathsala Under 10% Pool Fund’ আঁচনিৰ অধীনত ২০১৩ চনৰ ২৪ জুনত ‘কুসুম্বৰ কনষ্ট্ৰাকচন’ নামৰ প্ৰতিষ্ঠানটোৱে ভৱনটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল। আঁচনিটোৰ নিৰ্ধাৰিত ব্যয় আছিল প্ৰায় ৩ কোটি ৩১ লাখ ৮৯ হাজাৰ টকা। অভিযোগ অনুসৰি, প্ৰায় ৭৩ শতাংশ কাম সম্পূৰ্ণ কৰাৰ পিছতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে কাম আধাতে এৰি আঁচনিটো আত্মসমৰ্পণ কৰে।

ইয়াৰ পিছতো নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক প্ৰায় ১৫ লাখ টকাকৈ আমানতৰ ধন মোকলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। এই ধন মোকলাই দিয়াৰ ক্ষেত্ৰত তদানীন্তন পৌৰসভাৰ কাৰ্যবাহী বিষয়া ৰুদ্ৰজ্যোতি দাস, সহকাৰী অভিযন্তা যতীন তালুকদাৰ আৰু পৌৰপতি জলী চৌধুৰীৰ ভূমিকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন মহলে।

ইফালে, অৰ্ধনিৰ্মিত ভৱনটোৰ বাবে বাৰিষাৰ সময়ত সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলে। বৰষুণ দিলেই ভৱনটোৰ তলভাগত পানী জমা হোৱাৰ লগতে বজাৰত বিক্ৰীৰ বাবে অনা শাক-পাচলি আৰু অন্যান্য সামগ্ৰী ক্ষতিগ্ৰস্ত হোৱা বুলি ব্যৱসায়ীসকলে অভিযোগ কৰে।

সমগ্ৰ বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পাঠশালা আঞ্চলিক সমিতিয়ে। সংগঠনটোৰ অভিযোগ—কোটি কোটি টকা ব্যয় কৰাৰ পিছতো ভৱনটো সম্পূৰ্ণ নোহোৱাটো আৰু ঠিকাদাৰী প্ৰতিষ্ঠানক আমানতৰ ধন মোকলাই দিয়াৰ বিষয়টো তদন্তৰ আওতালৈ অনা উচিত।

অৱশ্যে, উত্থাপিত অভিযোগসমূহৰ সন্দৰ্ভত পাঠশালা পৌৰসভাৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ স্পষ্ট বক্তব্য এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে লাভ কৰা হোৱা নাই। উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তেহে সমগ্ৰ বিষয়টোৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।

Tags

Post a Comment

0Comments

Post a Comment (0)