ঘাইপথত আৰক্ষীৰ ব্যাপক তালাচী, তন্ন তন্নকৈ পৰীক্ষা যান-বাহন
মাৰ্ঘেৰিটা, ১২ আগষ্ট: সমাগত ৭৯ সংখ্যক স্বাধীনতা দিৱস সুচাৰুৰূপে উদযাপনৰ বাবে লিডুত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰক্ষী প্ৰশাসনে। লিডুৰ ঘাইপথত লিডু আৰক্ষীয়ে ব্যাপক তালাচী অভিযান চলাই প্ৰতিখন যান-বাহন তন্ন তন্নকৈ পৰীক্ষা কৰা পৰিলক্ষিত হৈছে।
উগ্ৰপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত কোনো ধৰণৰ কূটাঘাতমূলক বা সন্ত্ৰাসমূলক কাৰ্যকলাপ সংঘটিত হ’ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিছে।
ৰিপ’ৰ্টাৰ: বিকী দাস, মাৰ্ঘেৰিটা
