চাইবাৰ অপৰাধৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান, ৮জন গ্ৰেপ্তাৰ
বৰপেটা: চাইবাৰ অপৰাধৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে চলোৱা এক বৃহৎ অভিযানত POS এজেণ্টৰ সৈতে জড়িত থকাৰ অভিযোগত ৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
অভিযানত আৰক্ষীয়ে ৮৫খন নিষ্ক্ৰিয় আৰু ১০খন সক্ৰিয় SIM কাৰ্ড, ৪১খন বেংক-সম্পৰ্কীয় নথি-পত্ৰ আৰু কেইবাখনো ATM কাৰ্ড জব্দ কৰে। জব্দ কৰা সামগ্ৰীসমূহৰ সৈতে চাইবাৰ অপৰাধৰ কোনো সম্পৰ্ক আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
