চানমাৰী অভিমুখী পথত আতংক, বাগৰি পৰিল কেইবাখনো বাহন...

Public Talks
0

 


মহাৰাজ পৃথু উৰণ সেতুত অঘটন, ইখনৰ পিছত সিখন বাহন বাগৰি আহত কেইবাজনো

গুৱাহাটীৰ মহাৰাজ পৃথু উৰণ সেতুত সংঘটিত হৈছে ধাৰাবাহিক দুৰ্ঘটনা। আমবাৰীৰ পৰা চানমাৰীৰ অভিমুখী পথত হঠাৎ ইখনৰ পিছত সিখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত কেইবাজনো চালক-আৰোহী আহত হয়।

সেতুখনৰ ওপৰত কেইবাখনো দুচকীয়া বাহন বাগৰি পৰাত আতংকৰ সৃষ্টি হয়। স্থানীয় লোকৰ অভিযোগ অনুসৰি, সেতুখন মুকলি কৰাৰ প্ৰায় চাৰি মাহ পাৰ হোৱাৰ পাছতো এতিয়াও নিৰ্মাণকাৰ্য অব্যাহত আছে। নিৰ্মাণকাৰ্যৰ বাবে পথত সৃষ্টি হোৱা সমস্যাই দুৰ্ঘটনাৰ আশংকা বৃদ্ধি কৰিছে বুলি অভিযোগ উঠিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)