উৎসৱৰ বতৰত ম্লান মিঠা—ৰকেটৰ গতিত বৃদ্ধি চেনিৰ দাম
উৎসৱৰ বতৰত মিঠাইৰ দাম বৃদ্ধিৰ আশংকাৰ মাজতে হুৰাহুৰিকৈ বৃদ্ধি পাইছে চেনিৰ মূল্য। মাত্ৰ এমাহৰ ভিতৰতে প্ৰতি কেজি চেনিৰ দাম ৪৯ টকাৰ পৰা বৃদ্ধি পাই ৭০ টকা পৰ্যন্ত হৈছে।
মূল্যবৃদ্ধিৰ ধাৰা অনুসৰি—২৩ জুলাইত ৪৯ টকা, ৬ আগষ্টত ৫৬ টকা, ১২ আগষ্টত ৬০ টকা, ১৮ আগষ্টত ৬৫ টকা আৰু ২৪ আগষ্টত প্ৰতি কেজি চেনিৰ দাম ৭০ টকালৈ বৃদ্ধি পায়।
ইফালে, চেনিৰ মূল্যবৃদ্ধিক লৈ বিৰোধীয়ে চৰকাৰক সমালোচনা কৰি অভিযোগ উত্থাপন কৰিছে যে চেনি উৎপাদনৰ পৰিৱৰ্তে কুঁহিয়াৰৰ এক বৃহৎ অংশ ইথানল উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হৈছে। চেনিৰ চৰা দামে ইতিমধ্যে ৰাজনৈতিক মহলতো উত্তাপ বৃদ্ধি কৰিছে।
