৩ ঘণ্টীয়া বৈঠকৰ অন্তত সিদ্ধান্ত, নিৰাপদে উভতিব অসমৰ পৰ্যটক...

Public Talks
0

 


৪৮ ঘণ্টাৰ ভিতৰত মেঘালয়ৰ পৰা অসমলৈ ঘূৰাই অনা হ’ব পৰ্যটক

গুৱাহাটী: অসম-মেঘালয়ৰ শেহতীয়া উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী ৪৮ ঘণ্টাৰ ভিতৰত নিৰাপদে অসমলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হৈছে।

পৰ্যটকসকলক সুৰক্ষিতভাৱে উভতাই অনাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। পৰিস্থিতি সন্দৰ্ভত অসম আৰু মেঘালয় চৰকাৰৰ মাজত প্ৰায় ৩ ঘণ্টীয়া বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত দুয়োখন ৰাজ্যই যৌথ সংবাদমেল সম্বোধন কৰে।

অসমৰ হৈ মন্ত্ৰী অতুল বৰাই বৈঠকত অংশগ্ৰহণ কৰাৰ বিপৰীতে মেঘালয় চৰকাৰৰ হৈ উপ-মুখ্যমন্ত্ৰী এছ ধৰ উপস্থিত থাকে। দুয়োখন ৰাজ্যই পৰিস্থিতি নিয়ন্ত্ৰণ আৰু পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Tags

Post a Comment

0Comments

Post a Comment (0)