পৌৰ প্ৰশাসন শক্তিশালী কৰাত গুৰুত্ব মন্ত্ৰী কৌশিক ৰায়ৰ...

Public Talks
0

 


পৌৰ প্ৰশাসন শক্তিশালী কৰাত গুৰুত্ব মন্ত্ৰী কৌশিক ৰায়ৰ

দিছপুৰ, ২২ আগষ্ট: ৰাজ্যৰ পৌৰ প্ৰশাসন অধিক দক্ষ, দায়বদ্ধ আৰু জনমুখী কৰাৰ লক্ষ্যৰে সদৌ অসম পৌৰসভা আয়ুক্ত সংস্থা (AAMBC)-ৰ বিষয়ববীয়া আৰু সদস্যসকলৰ সৈতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি জনতা ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

বৈঠকত পৌৰসভাসমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। সংস্থাৰ সভাপতি ড০ সূৰজিৎ বৰ্মনে বিভিন্ন দাবী আৰু সমস্যাৰ কথা মন্ত্ৰীগৰাকীৰ সন্মুখত দাঙি ধৰে।



মন্ত্ৰী ৰায়ে যুক্তিসংগত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিভাগৰ পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে। লগতে পৌৰ প্ৰশাসন অধিক শক্তিশালী কৰাৰ বাবে সমন্বিত আৰু সহযোগিতামূলক দৃষ্টিভংগীৰে কাম কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে শীঘ্ৰে ৰাজ্যৰ নগৰীয়া স্থানীয় নিকায়সমূহৰ কাৰ্যসম্পাদনৰ মূল্যায়ন কৰা হ’ব আৰু ভাল প্ৰদৰ্শন কৰা নিকায়সমূহক সৌৰবাতিকে ধৰি বিভিন্ন সুবিধা প্ৰদান কৰা হ’ব। জনমুখী সেৱা, সম্পদৰ দক্ষ ব্যৱহাৰ আৰু উন্নত কাৰ্যসম্পাদনক গুৰুত্ব দিয়া হ’ব বুলিও তেওঁ উল্লেখ কৰে।

Tags

Post a Comment

0Comments

Post a Comment (0)