বিতৰ্ক নহয়, এতিয়া উত্তৰ বিচাৰে বানপীড়িত অসমে
উজনি অসমত কিয় সৃষ্টি হ’ল এই বিধ্বংসী বান? কাৰ ভুলৰ মূল্য ভৰিলে সাধাৰণ মানুহে? কাৰ দোষত কোনোবাই হেৰুৱালে সন্তান, কোনোবাই মাক-দেউতাক, কোনোবাই ভাই-ভনী, কোনোবাই আপোনজনক?
এতিয়া দোষাৰোপৰ বিতৰ্ক নহয়—উত্তৰ আৰু সমাধান লাগে।
দুনাই যাতে এনে ভয়ংকৰ বানত মানুহে আপোনজন, ঘৰ-বাৰী আৰু জীৱিকাৰ সম্বল হেৰুৱাব নালাগে, তাৰ বাবে চৰকাৰে কি স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব—সেই কথা স্পষ্টকৈ ক’ব লাগিব।
বানত পলসত পোত যোৱা কৃষিভূমি কেনেকৈ পুনৰ খেতিৰ উপযোগী কৰা হ’ব? হেৰাই যোৱা উপাৰ্জন কেনেকৈ ঘূৰাই অনা হ’ব? ভাঙি যোৱা ঘৰ, নষ্ট হোৱা পথ আৰু জীৱিকাৰ উৎস কেনেকৈ পুনৰ গঢ়ি তোলা হ’ব?
আৰু বানৰ পিছত দেখা দিয়া ৰোগ-ব্যাধি আৰু মৃত্যুৰ কথাও এতিয়া গুৰুত্বসহকাৰে লিখিব লাগিব। বহু গাঁও এতিয়াও পৰিষ্কাৰ-চেনিটাইজ নোহোৱাৰ অভিযোগ আছে। বিশুদ্ধ খোৱাপানী, স্বাস্থ্যসেৱা আৰু ঔষধৰ ব্যৱস্থা কিমান দূৰ হৈছে—সেই প্ৰশ্নৰো উত্তৰ লাগে।
এইবোৰেই এতিয়া অসমৰ মূল কথা।
ভূচহু বিতৰ্ক নহয়, বানপীড়িত মানুহৰ জীৱন আৰু ভৱিষ্যতৰ কথা লিখক।
অসমে কিমান ভয়ংকৰ বানৰ সন্মুখীন হ’ল, সেই বাস্তৱ ছবিখন দেশৰ লগতে বিশ্ববাসীৰ সন্মুখলৈও লৈ যাওক। সম্ভৱ হ’লে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই মানৱীয় বিপৰ্যয়ৰ ছবি আৰু কাহিনী প্ৰকাশৰ ব্যৱস্থা কৰক।
কাৰণ এই বান কেৱল পানীৰ বান নহয়—এয়া হাজাৰ হাজাৰ পৰিয়ালৰ সপোন, জীৱিকা আৰু আপোনজন হেৰুৱাৰ বেদনা।
