গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৩৮ কয়দী HIV-ত আক্ৰান্ত
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান মুঠ ১,৮০২ গৰাকী কয়দী-হাজোতী আছে। ইয়াৰে ১,৭১৯ গৰাকী পুৰুষ, ৮১ গৰাকী মহিলা আৰু ২টি শিশু। ইয়াৰ ভিতৰত NDPS গোচৰত অভিযুক্ত ৩৩৫ গৰাকী—২৯৪ গৰাকী পুৰুষ আৰু ৪১ গৰাকী মহিলা।
তথ্য অনুসৰি, কাৰাগাৰখনত মুঠ ৩৮ গৰাকী কয়দী HIV-ত আক্ৰান্ত। কাৰাগাৰৰ ভিতৰত থকা ART কেন্দ্ৰত নিয়মীয়াকৈ HIV পৰীক্ষা কৰা হয়। বিশেষকৈ NDPS আৰু চুৰি আদি গোচৰত অভিযুক্ত কয়দীসকলৰ মাজতো HIV সংক্ৰমণ ধৰা পৰিছে।
