বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ ৰহস্যজনক মৃত্যু...

Public Talks
0

 


বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ ৰহস্যজনক মৃত্যু

বাক্সা: বিটিচিৰ দৰংগাজুলী সমষ্টিৰ বিজেপি দলৰ পাৰিষদ তথা বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তামুলপুৰত চাঞ্চল্যৰ সৃষ্টি হৈছে।

কালি সন্ধিয়া তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহৰ প্ৰথম মহলাৰ খিৰিকিৰ গ্ৰীলত চীপ লৈ ওলমি থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। দৰংগাজুলী সমষ্টিৰ লগতে তামুলপুৰৰ এগৰাকী জনপ্ৰিয় নেতা হিচাপে পৰিচিত বিজিত গৌৰা নাৰ্জাৰীৰ আকস্মিক মৃত্যুত সমগ্ৰ বিটিচিত শোকৰ ছাঁ পৰিছে।

ইপিনে, তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীৰ নেতৃত্বত উচ্চপদস্থ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে এই ৰহস্যজনক মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Tags

Post a Comment

0Comments

Post a Comment (0)