৫ বছৰত জলসিঞ্চন খণ্ডত ৭,০০০ কোটি ব্যয়ৰ লক্ষ্য...

Public Talks
0

 


জলসিঞ্চন খণ্ডত বৃহৎ পৰিকল্পনা, ৫ বছৰত ৭,০০০ কোটি ব্যয়ৰ লক্ষ্য

জনতা ভৱনত মন্ত্ৰী পীযুষ হাজৰীকাৰ উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটী, ২৭ আগষ্ট: ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি জনতা ভৱনত কৃষি তথা জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকাৰ অধ্যক্ষতাত বিভাগীয় উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।


বৈঠকত মন্ত্ৰীগৰাকীয়ে অহা ৫ বছৰত জলসিঞ্চন খণ্ডত ৭,০০০ কোটি টকা ব্যয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। কৃষিৰ বিকাশৰ বাবে জলসিঞ্চন অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি আঁচনি ৰূপায়ণত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’ব বুলি বিষয়াসকলক সকীয়াই দিয়ে।

লগতে সৰু সৰু আঁচনিৰ পৰিৱৰ্তে প্ৰায় ২০০ কোটি টকাৰ ব্যয়সাপেক্ষ ৪০টা বৃহৎ আঁচনি প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে। লিফ্ট ইৰিগেশ্যন ব্যৱস্থাত ব্যয় হ্ৰাস কৰি অধিক অঞ্চলক জলসিঞ্চনৰ আওতালৈ অনাৰ বাবেও কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়।


ইয়াৰ উপৰি EAP, RIDF আৰু SOPD আদি বিভিন্ন উৎসৰ পৰা পুঁজি সংগ্ৰহৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা বছৰৰ আৰম্ভণিতে টেণ্ডাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

Tags

Post a Comment

0Comments

Post a Comment (0)