যোৰহাটত অসমীয়া যুৱকক গুদামত আবদ্ধ কৰি প্ৰহাৰৰ অভিযোগ...

Public Talks
0

 


যোৰহাটত অসমীয়া যুৱকক গুদামত আবদ্ধ কৰি প্ৰহাৰৰ অভিযোগ

ৰডেৰে প্ৰহাৰৰ অভিযোগ, যশ ধনুকা আৰু পৰিয়ালৰ বিৰুদ্ধে উঠিল অভিযোগ

যোৰহাট, ২৯ আগষ্ট: যোৰহাটৰ ৰহমান ৰোডত এজন অসমীয়া যুৱকক গুদামৰ ভিতৰত আবদ্ধ কৰি ৰডেৰে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, ঘটনাটোৰ সৈতে যশ ধনুকা আৰু তেওঁৰ পৰিয়াল জড়িত।

জানিব পৰা মতে, সামান্য ধনৰ লেনদেনক কেন্দ্ৰ কৰি যুৱকজনক এইদৰে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইফালে, ব্যক্তিগত বিষয়ক লৈ বিপুল ধনৰ লেনদেনৰ অভিযোগো চৰ্চালৈ অহাৰ সময়তে এজন যুৱকক সামান্য ধনৰ বিষয়ক লৈ এনেদৰে প্ৰহাৰ কৰাৰ অভিযোগক লৈ বিভিন্ন মহলে উদ্বেগ প্ৰকাশ কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)