দুখীয়াৰ বন্ধু’ ডাঃ সদাগৰ দেউৰী ডিজিটেল এৰেষ্টৰ বলি...

Public Talks
0

 


‘দুখীয়াৰ বন্ধু’ ডাঃ সদাগৰ দেউৰী ডিজিটেল এৰেষ্টৰ বলি

চাইবাৰ প্ৰৱঞ্চনাত হেৰুৱালে প্ৰায় ৪৯ লাখ টকা

যোৰহাট, ২৯ আগষ্ট: দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে অতি কম খৰচত চিকিৎসা তথা অস্ত্ৰোপচাৰ সেৱা আগবঢ়াই অহা মানৱদৰদী শল্য চিকিৎসক ডাঃ সদাগৰ দেউৰী এইবাৰ চাইবাৰ প্ৰৱঞ্চনাৰ বলি হোৱাৰ অভিযোগেৰে চৰ্চালৈ আহিছে।

লখিমপুৰৰ নাৰায়ণপুৰৰ কিনাপথাৰৰ বাসিন্দা ডাঃ দেউৰী যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যাপক তথা শল্য চিকিৎসক। সহজ-সৰল জীৱনযাপনৰ লগতে দৰিদ্ৰ লোকক সেৱা আগবঢ়োৱাৰ বাবে তেওঁ ‘দুখীয়াৰ বন্ধু’ হিচাপে পৰিচিত।

জানিব পৰা মতে, ২০২৫ চনৰ ডিচেম্বৰ মাহত প্ৰৱঞ্চক চক্ৰই আৰক্ষী আৰু অধিবক্তাৰ ভুৱা পৰিচয় দি ভুৱা গোচৰ আৰু গ্ৰেপ্তাৰৰ ভাবুকিৰে তেওঁক ভয় দেখুৱাইছিল। এই ‘ডিজিটেল এৰেষ্ট’ প্ৰৱঞ্চনাৰ জালত পৰি চিকিৎসকগৰাকীয়ে জীৱনৰ সঞ্চিত ধনৰ প্ৰায় ৪৯ লাখ টকা হেৰুৱায় বুলি অভিযোগ।

ঘটনাটোৱে চাইবাৰ অপৰাধৰ ভয়াৱহতাৰ লগতে সজাগতাৰ প্ৰয়োজনীয়তাও পুনৰ স্পষ্ট কৰি তুলিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)