মহাকাশ ষ্টাৰ্টআপৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
মহাকাশ প্ৰযুক্তিৰ অধিক ব্যৱহাৰত গুৰুত্ব প্ৰধানমন্ত্ৰীৰ
নতুন দিল্লীত ২০টা মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ (CEO) সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৈঠকত ভাৰতৰ মহাকাশ খণ্ডৰ বিকাশ, উদ্ভাৱন আৰু মহাকাশ প্ৰযুক্তিৰ অধিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে।
মহাকাশ খণ্ডত ব্যক্তিগত উদ্যোগ আৰু ষ্টাৰ্টআপসমূহৰ ভূমিকা অধিক শক্তিশালী কৰি দেশৰ প্ৰযুক্তিগত সক্ষমতা বৃদ্ধি কৰাৰ ওপৰতো বৈঠকত আলোচনা কৰা হয়।
