বান পুনৰুদ্ধাৰক লৈ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
দিল্লীত প্ৰধানমন্ত্ৰীৰে বৈঠক, বানপীড়িতৰ পুনৰ্বাসন-উন্নয়নত গুৰুত্ব
নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকত অসমৰ শেহতীয়া বান পৰিস্থিতি, ক্ষতিগ্ৰস্ত অঞ্চলৰ পুনৰ্নিৰ্মাণ, জীৱিকা পুনৰুদ্ধাৰ আৰু বানপীড়িত লোকৰ পুনৰ্বাসন সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে ৰাজ্য চৰকাৰৰ প্ৰথম ১০০ দিনৰ বিভিন্ন পদক্ষেপ আৰু অসমৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনাৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে মুখ্যমন্ত্ৰীয়ে। আন্তঃগাঁথনি উন্নয়ন, জনসেৱা শক্তিশালীকৰণ আৰু নতুন সুযোগ সৃষ্টিৰ ক্ষেত্ৰতো বৈঠকত গুৰুত্ব আৰোপ কৰা হয়।
বান পুনৰুদ্ধাৰ আৰু পুনৰ্নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতা অব্যাহত থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়া বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
