হৃদয়, বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ অধীক্ষক হিচাপে দায়িত্ব
গুৱাহাটী: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ৰ অধীক্ষক ডাঃ দেৱজিত চৌধুৰীক হৃদয়, বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।
ডাঃ চৌধুৰীয়ে GMCHৰ অধীক্ষকৰ দায়িত্বৰ লগতে কেন্দ্ৰটোৰ অধীক্ষক হিচাপেও দায়িত্ব পালন কৰিব। সংশ্লিষ্ট কৰ্তৃপক্ষৰ এই সিদ্ধান্ত অনুসৰি তেওঁ কেন্দ্ৰটোৰ প্ৰশাসনিক কাম-কাজো চোৱাচিতা কৰিব।
