ডিমা হাছাও জিলাৰ প্ৰতিভাৱান টাইকোৱাণ্ড খেলুৱৈ নিহিতা কেম্প্ৰাইয়ে থাইলেণ্ডৰ পাটায়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ড প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰি অসম তথা সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই উল্লেখযোগ্য সাফল্যই ৰাজ্যৰ ক্ৰীড়া জগতলৈ নতুন প্ৰেৰণা যোগাইছে। নিহিতাৰ এই অসাধাৰণ কৃতিত্বৰ বাবে বিভিন্ন মহলৰ লগতে ক্ৰীড়াপ্ৰেমীসকলে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।
