শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত প্লাষ্টিকৰ বটল, পলিথিন, প্লাষ্টিকৰ গিলাচ আৰু অন্যান্য অপচয় বস্তু অবৈধভাৱে পেলোৱাৰ ফলত পৰিৱেশ দূষণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এই অপচয়ৰ ফলত মাটি, জলাশয় আৰু জীৱবৈচিত্ৰ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ আশংকা দেখা দিছে। স্থানীয় ৰাইজে শীঘ্ৰে প্ৰশাসনৰ হস্তক্ষেপ, নিয়মীয়া পৰিষ্কাৰ অভিযান আৰু প্লাষ্টিক বিৰোধী কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
🟢 সজাগ হওঁ, প্লাষ্টিকৰ ব্যৱহাৰ কমাওঁ — সুন্দৰ আৰু স্বচ্ছ শিৱসাগৰ গঢ়ি তোলোঁ।
