আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয় কৰি দেশলৈ উভতি অহা অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁইয়ে ৰাজ্যলৈ আহিয়েই বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ কয়, "অসমলৈ গৈয়ে পোনে পোনে বানপীড়িত অঞ্চললৈ যাম।" তেওঁৰ এই মানৱীয় পদক্ষেপে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে বহুজনৰ প্ৰশংসা লাভ কৰিছে।
