প্ৰাদেশিকীকৰণৰ অপেক্ষাত ৪৫ বছৰীয়া বিদ্যালয়! অনিশ্চয়তাত শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ
লংৰাচৰা, ২৯ আগষ্ট: দীৰ্ঘদিন ধৰি চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত হৈ আছে লক্ষ্মীপুৰ বিধানসভা সমষ্টিৰ জয়পুৰ ব্লকৰ লংৰাচৰা গাঁৱৰ বানিৰাম বৰ্মন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৮১ চনত স্থাপিত বিদ্যালয়খন স্থানীয় ৰাইজ আৰু পৰিচালনা সমিতিৰ আৰ্থিক সহায়ত চলি আহিছে।
বিদ্যালয়খনত এল পি আৰু এম ই শাখাৰ লগতে মহিলা হোষ্টেলো আছে যদিও বৰ্তমান ইয়াৰ আন্তঃগাঁথনি জৰাজীৰ্ণ। দৰমহা নোপোৱাৰ ফলত তিনিগৰাকী প্ৰধান শিক্ষকে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। বিদ্যালয়খন প্ৰাদেশিকীকৰণ নকৰিলে ভৱিষ্যতে শিক্ষানুষ্ঠানখন চলাই নিয়াটো কঠিন হৈ পৰিব বুলি শিক্ষকসকলে আশংকা প্ৰকাশ কৰিছে।
আনহাতে, বিদ্যালয়খনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে বিকল্প হিচাপে প্ৰায় ৮ কিলোমিটাৰ দূৰৰ ৰাম চৰণ ৰাজহুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাবলগীয়া হ’ব। দুৰ্বল পথ-যোগাযোগৰ বাবে এই যাত্ৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সমস্যাজনক বুলি অভিভাৱকসকলে জানিবলৈ দিয়ে।
বিদ্যালয়খন প্ৰাদেশিকীকৰণৰ দাবীত আজি স্থানীয় কৰ্তৃপক্ষই প্ৰশাসনক স্মাৰক-পত্ৰ প্ৰদান কৰে। চৰকাৰে শীঘ্ৰে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।
