কাছাৰত বৃহৎ ড্ৰাগছবিৰোধী অভিযান, ৯,৮০০টা Yaba টেবলেট জব্দ...

Public Talks
0

 


কাছাৰত বৃহৎ ড্ৰাগছবিৰোধী অভিযান, ৯,৮০০টা Yaba টেবলেট জব্দ

প্ৰায় ৩ কোটি টকাৰ নিষিদ্ধ Yaba উদ্ধাৰ, তিনিজনক গ্ৰেপ্তাৰ

শিলচৰ, ২৯ আগষ্ট: ড্ৰাগছবিৰোধী অভিযানত কাছাৰ আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। আৰক্ষীৰ অভিযানত প্ৰায় ৯,৮০০টা নিষিদ্ধ Yaba টেবলেট জব্দ কৰা হয়। জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩ কোটি টকা বুলি জানিব পৰা গৈছে।

এই অভিযানৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জব্দকৃত Yaba টেবলেটসমূহ ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ সৰবৰাহৰ পৰিকল্পনা আছিল, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে অভিযান অধিক তীব্ৰতৰ কৰাৰ কথা জানিবলৈ দিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)