মুক্তিৰ ৭০ দিন পিছতো হাউছফুল ‘চুপা চুপি’, উজলিল অসমীয়া ছবি
মুক্তিৰ ৭০ দিন অতিক্ৰম কৰাৰ পিছতো দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰিছে অসমীয়া ছবি ‘চুপা চুপি’-য়ে। বলীউড আৰু হলীউডৰ ছবিৰ ভিৰৰ মাজতো ছবিখনে ছবিগৃহত দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
দৰ্শকৰ ইতিবাচক সঁহাৰি আৰু প্ৰশংসাই ছবিখনৰ জনপ্ৰিয়তা অব্যাহত ৰখাৰ লগতে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবেও এক আশাব্যঞ্জক বাৰ্তা কঢ়িয়াই আনিছে।
