কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সিদ্ধান্ত, ঘোষণা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মোবাইল ফোন ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
বন্যপ্ৰাণী সুৰক্ষা আৰু উদ্যানখনৰ পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত মোবাইল ফোন ব্যৱহাৰ নিয়ন্ত্ৰণৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আগন্তুক সময়ত কাজিৰঙাত এই নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
.jpg)