বানপানীক নেওচি ৰাষ্ট্ৰীয় কাৰাটেত জানমণিৰ সোণালী সাফল্য, জানমণিৰ সোনালী যাত্ৰাত ‘ফিজিক্স ৱালা’ৰ সহায়ৰ হাত...

Public Talks
0

 


বানপানীক নেওচি ৰাষ্ট্ৰীয় কাৰাটেত জানমণিৰ সোণালী সাফল্য

দিল্লীৰ চেম্পিয়নশ্বিপত সোনৰ পদক অৰ্জন ১৭ বছৰীয়া অসম কন্যাৰ

প্ৰচণ্ড বানপানী আৰু কঠিন পৰিস্থিতিয়েও লক্ষ্যৰ পৰা বিচ্যুত কৰিব নোৱাৰিলে যোৰহাটৰ ১৭ বছৰীয়া কাৰাটে খেলুৱৈ জানমণি কোঁৱৰক। শ’লমৰাৰ বানপানীয়ে তেওঁৰ ঘৰ আৰু প্ৰশিক্ষণস্থলী উটুৱাই নিয়াৰ পিছতো আশ্ৰয় শিবিৰৰ দুৰ্বিষহ জীৱনৰ মাজতে ৰাজপথত অনুশীলন অব্যাহত ৰাখিছিল জানমণিয়ে।

অদম্য ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ ফলত দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত সোনৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে কিশোৰীগৰাকীয়ে।

জানমণিৰ এই যাত্ৰাত সহায়ৰ হাত আগবঢ়ায় ‘ফিজিক্স ৱালা’ৰ প্ৰতিষ্ঠাপক অলখ পাণ্ডেই। বানপীড়িত অঞ্চল পৰিদৰ্শনৰ সময়ত জানমণিৰ প্ৰতিভাৰ বিষয়ে অৱগত হৈ তেওঁ বিমানৰ টিকটসহ প্ৰয়োজনীয় সহায় আগবঢ়ায়।

জানমণিৰ এই সফলতাই প্ৰতিকূলতাৰ মাজতো সপোনক খেদি যোৱা প্ৰতিগৰাকী যুৱক-যুৱতীলৈ এক শক্তিশালী প্ৰেৰণাৰ বাৰ্তা কঢ়িয়াই আনিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)