মাৰ্ঘেৰিটাত যুৱ সাংবাদিক উজ্জ্বল চৌধুৰীৰ স্মৃতিচাৰণ অনুষ্ঠান
‘অস্তমিত সূৰ্য’ স্মাৰক গ্ৰন্থ উন্মোচন
মাৰ্ঘেৰিটাৰ সদ্যপ্ৰয়াত যুৱ সাংবাদিক, কণ্ঠশিল্পী তথা সাংস্কৃতিক কৰ্মী উজ্জ্বল চৌধুৰীৰ স্মৃতিত দেওবাৰে লিডু কেন্দ্ৰীয় ৰংগমঞ্চত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদ্যোগত তথা লিডু স্বৰ্ণ শাখা সাহিত্য সভা আৰু লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সহযোগত আয়োজিত অনুষ্ঠানত উজ্জ্বল চৌধুৰীৰ সোঁৱৰণত সমীৰণ বৰঠাকুৰে সম্পাদনা কৰা স্মাৰক গ্ৰন্থ ‘অস্তমিত সূৰ্য’ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক জগত চাংমাইয়ে।
অনুষ্ঠানৰ আৰম্ভণিতে উজ্জ্বল চৌধুৰীৰ পিতৃ লক্ষ্যধৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, দিহানাম পৰিৱেশন আৰু প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি তথা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰাণাজ্যোতি নেওগৰ পৌৰহিত্যত অনুষ্ঠিত স্মৃতিচাৰণ সভাত বক্তাসকলে উজ্জ্বল চৌধুৰীৰ সাংবাদিকতা, সংগীত আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান স্মৰণ কৰে। তেওঁৰ অকাল বিয়োগে অঞ্চলটোৰ সাংবাদিকতা আৰু সাংস্কৃতিক ক্ষেত্ৰখনত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰা বুলি বক্তাসকলে উল্লেখ কৰে।
অনুষ্ঠানত পিতৃ লক্ষ্যধৰ চৌধুৰীয়ে পুত্ৰৰ পত্নী আৰু কণমানি দুই সন্তানৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে। অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, সাংবাদিক, সাংস্কৃতিক কৰ্মী আৰু পৰিয়ালৰ সদস্য উপস্থিত থাকে।
ৰিপ’ৰ্ট: বিকি দাস, মাৰ্ঘেৰিটা
