উজনিৰ ৪ জিলাৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদমেলযোগে বিভিন্ন সাহায্য আৰু পুনৰসংস্থাপনৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিত ১৪২ কোটি টকা জমা হৈছে আৰু এই ধন বানপীড়িত অঞ্চলত মডেল হাউছিং নিৰ্মাণত ব্যৱহাৰৰ চিন্তা-চৰ্চা কৰা হৈছে।
নেপালীখুঁটি, কমলবস্তি, মাজগাঁও আদিকে ধৰি বহু অঞ্চলত ব্যাপক ক্ষতি হৈছে। ক্ষতিগ্ৰস্ত পৰিয়ালক গোধন দি গাখীৰ উৎপাদনৰ জৰিয়তে স্বাৱলম্বী কৰাৰো পৰিকল্পনা কৰা হৈছে।
বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৯ লাখ টকাকৈ সাহায্য দিয়া হৈছে। এইবাৰ ৰাজ্যৰ ২৫খন জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। ১৫ আগষ্টৰ পিছত সকলো বিদ্যালয় পাঠদানৰ উপযোগী কৰাৰ লক্ষ্য লোৱা হৈছে। ২০ আগষ্টৰ ভিতৰত নামঘৰৰ বাবে ১ লাখ ৫০ হাজাৰ টকা মুকলি কৰা হ’ব।
ইতিমধ্যে ৬৪,৮৯১টা পৰিয়াললৈ ১৫ হাজাৰ টকাকৈ মুকলি কৰি দিয়া হৈছে। আন ৩১,২১২টা পৰিয়াললৈ পুঁজি মুকলি কৰাৰ প্ৰক্ৰিয়া চলি আছে। সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত ৮,৩২৫টা পৰিয়াল চিনাক্ত কৰা হৈছে।
বানপীড়িত ৪ জিলাত বীমাৰ ক্ষেত্ৰতো তৎপৰতা
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে বানপীড়িত ৪ জিলাত ২০টা বীমা কোম্পানীয়ে কাম কৰি আছে। এতিয়ালৈ ১,৭০০ লোকে বীমাৰ বাবে আবেদন কৰিছে আৰু বেংকৰ জৰিয়তে ৩৯০ গৰাকী লোকে আবেদন কৰিছে। ৩০ আগষ্টৰ ভিতৰত বীমাৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে এতিয়াও বীমা নকৰা লোকসকলক শীঘ্ৰে বীমা কৰিবলৈ আহ্বান জনায়।
