মহানগৰীৰ মালিগাঁৱত পুনৰ নাহৰফুটুকীৰ বিচৰণ

Public Talks
0


বৈষ্ণোদেৱী মন্দিৰৰ সমীপত একেলগে দুটাকৈ নাহৰফুটুকী কেমেৰাত বন্দী

মহানগৰীত পুনৰ নাহৰফুটুকীৰ মুক্ত বিচৰণ। এইবাৰ এটা নহয়, একেলগে দুটাকৈ নাহৰফুটুকী বাঘ বৰাগাঁৱৰ বৈষ্ণোদেৱী মন্দিৰৰ সমীপত বিচৰণ কৰা দৃশ্য কেমেৰাত বন্দী হৈছে।

১২ আগষ্টৰ নিশা প্ৰায় ১:২০ বজাত এগৰাকী স্থানীয় লোকৰ ঘৰৰ পৰা মোবাইল কেমেৰাত বন্দী হয় নাহৰফুটুকী দুটাৰ এই দৃশ্য। গভীৰ নিশা বনাঞ্চলৰ পৰা ওলাই আহি মন্দিৰৰ পথত বিচৰণ কৰা নাহৰফুটুকী দুটাক দেখি স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য আৰু শংকা।

বনাঞ্চল ধ্বংস আৰু বসতি অঞ্চল বৃদ্ধি পোৱাৰ ফলত খাদ্যৰ সন্ধানত বন্যপ্ৰাণী জনাঞ্চললৈ ওলাই অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

Tags

Post a Comment

0Comments

Post a Comment (0)