ছবিখনত ছলমান খানৰ সৈতে তেওঁৰ পৰ্দাৰ ৰসায়নো আছিল অন্যতম আকৰ্ষণ।
সময়ৰ সৈতে হৰশালি ডাঙৰ হৈছে। পঢ়াশোনাৰ সমান্তৰালভাৱে তেওঁ বিনোদন জগতৰ সৈতেও সম্পৰ্ক অব্যাহত ৰাখিছে।
অৱশ্যে শিশুশিল্পী হিচাপে লাভ কৰা বিপুল জনপ্ৰিয়তাৰ তুলনাত বৰ্তমানলৈকে তেওঁক ডাঙৰ পৰ্দাত তুলনামূলকভাৱে কমেই দেখা গৈছে।

