মানসজ্যোতি চেতিয়াৰ মৃত্যুত শোক, পৰিয়ালৰ কাষত মৌলানা ফজলুল কৰিম কাচিমী
শিমলুগুৰি: বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়াৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। প্ৰয়াত নেতাগৰাকীৰ মৃত্যুৰ খবৰ ল’বলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় অসম ৰাজ্যিক জমিয়ত উলামাৰ সম্পাদক তথা বিশিষ্ট ধৰ্মীয় নেতা মৌলানা ফজলুল কৰিম কাচিমী।
মৌলানা কাচিমীয়ে প্ৰয়াত মানসজ্যোতি চেতিয়াৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ শোকসন্তপ্ত পৰিয়ালটোক এই কঠিন সময়ত ধৈৰ্য ধৰিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰয়াতগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰে।
উল্লেখ্য যে মানসজ্যোতি চেতিয়া বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি হিচাপে সংগঠনটোৰ বিভিন্ন সামাজিক আৰু জনকল্যাণমূলক কাম-কাজৰ সৈতে জড়িত আছিল। তেওঁৰ মৃত্যুত সংগঠনটোৰ কৰ্মকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজেও শোক প্ৰকাশ কৰিছে।
মৌলানা ফজলুল কৰিম কাচিমীৰ এই শোক-সাক্ষাতে সামাজিক সম্প্ৰীতি, পাৰস্পৰিক সন্মান আৰু মানৱীয় ভাতৃত্ববোধৰ এক ইতিবাচক বাৰ্তা বহন কৰে।
.jpg)