জুবিন গোচৰত আদালতত হাজিৰ হ’ব সৃজনী ভাস্ব মহন্ত...

Public Talks
0

 


জুবিন হত্যাকাণ্ডৰ গোচৰত আদালতত হাজিৰ হ’ব সৃজনী ভাস্ব মহন্ত

গুৱাহাটী: জুবিন হত্যাকাণ্ডৰ গোচৰত চলিত মাহতে আদালতত হাজিৰ হ’ব লাগিব সৃজনী ভাস্ব মহন্ত। SIT-এ সৃজনীক গোচৰটোৰ এগৰাকী সাক্ষী হিচাপে অন্তৰ্ভুক্ত কৰিছে।

উল্লেখ্য, সামাজিক মাধ্যমৰ জৰিয়তে সৃজনীয়ে তেওঁৰ খুড়াক শ্যামকানু মহন্তৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। জুবিনক শ্যামকানু মহন্তই ‘পণ্য সামগ্ৰী’ বুলি অভিহিত কৰাৰ কথাও সৃজনীয়ে উল্লেখ কৰিছিল।

এতিয়া গোচৰটোৰ তদন্তৰ অংশ হিচাপে সৃজনীৰ সাক্ষ্য আদালতত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা আছে। চলিত মাহতে আদালতত তেওঁৰ হাজিৰাৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব।

Tags

Post a Comment

0Comments

Post a Comment (0)