ন-আলি উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা, এজনৰ মৃত্যু
যোৰহাট: যোৰহাটৰ ন-আলি উৰণ সেতুত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।
AS-03-AL-7563 নম্বৰৰ এখন মাৰুতি ইগনিছ বাহনে বাইক আৰু স্কুটী আৰোহীক খুন্দিওৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। সংকটজনক অৱস্থাত আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি, বাহনখনৰ চালকজনে সুৰাপান কৰি গাড়ী চলাইছিল। অৱশ্যে এই অভিযোগৰ সত্যতা তদন্তৰ পাছতহে নিশ্চিত হ’ব। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
.jpg)