সৰভোগ আৰক্ষীৰ অভিযানত ১.৩৬১ কেজি সন্দেহযুক্ত গাঞ্জা জব্দ, এজন আটক
সৰভোগ: বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত সৰভোগ আৰক্ষী থানাৰ এটা দলে খুদনাবাৰীত অভিযান চলাই জাহিদুল ইছলাম নামৰ এজন লোকক আটক কৰে। অভিযানৰ সময়ত আৰক্ষীয়ে তেওঁৰ জিম্মাৰ পৰা ১.৩৬১ কিলোগ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ কৰি জব্দ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অবৈধভাৱে নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপেই এই অভিযান চলোৱা হয়। জব্দ কৰা সামগ্ৰীখিনি পৰীক্ষাৰ পাছতহে ইয়াৰ প্ৰকৃত স্বৰূপ নিশ্চিত হ’ব।
ঘটনাৰ সন্দৰ্ভত সৰভোগ আৰক্ষীয়ে ইতিমধ্যে আইন অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।
.jpg)