শ্ৰীৰামপুৰত বৃহৎ গাঞ্জা সৰবৰাহৰ চেষ্টা বিফল
ট্ৰাকৰ পৰা প্ৰায় ২ হাজাৰ কেজি গাঞ্জা জব্দ, চালক-সহচালক গ্ৰেপ্তাৰ
গোসাইগাঁও, ২৪ আগষ্ট: গোসাইগাঁৱৰ শ্ৰীৰামপুৰ তালাচী চকীত শিমুলটাপু আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। তালাচীৰ সময়ত এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে প্ৰায় ২ হাজাৰ কেজি গাঞ্জা উদ্ধাৰ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, সৰবৰাহকাৰীয়ে গাঞ্জাখিনি ট্ৰাকখনত বাঁহৰ তলত কৌশলেৰে লুকুৱাই আনিছিল। তালাচীৰ সময়ত আৰক্ষীৰ সন্দেহ হোৱাত ট্ৰাকখনত তন্নতন্নকৈ তালাচী চলোৱাত বৃহৎ পৰিমাণৰ গাঞ্জাখিনি উদ্ধাৰ হয়।
জব্দ কৰা গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য কেইবা কোটি টকা বুলি জানিব পৰা গৈছে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু সহ-চালকক গ্ৰেপ্তাৰ কৰে।
এই বৃহৎ গাঞ্জাখিনি ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জব্দকৃত গাঞ্জাৰ উৎস আৰু সৰবৰাহ চক্ৰৰ সৈতে জড়িত আন লোকৰ সন্ধানতো আৰক্ষীয়ে অভিযান চলোৱাৰ সম্ভাৱনা আছে।
