সুৰঞ্জনা দত্ত ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ নিযুক্ত হৈছে। এই পদত নিযুক্ত বাইদেউ প্ৰথমগৰাকী অসমীয়া মহিলা। কটন কলেজত PU ত (১০+২) ষ্টেণ্ড কৰি পাছত কটনৰে পৰা ডিগ্ৰী শেষ কৰি পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাত্তোকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৯১ চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰে ।চাকৰি জীৱনত দেশৰ বিভিন্ন প্ৰান্তত সুখ্যাতিৰে কাম কৰাৰ ওপৰিও কিছুদিন তেখেত জাপানতো কৰ্মৰত আছিল।