উত্তৰ-পূৰ্বাঞ্চলৰ ৭০গৰাকী শিপিনী আৰু কাৰুশিল্পীয়ে লাভ কৰিছে বিপণনৰ মঞ্চ; ২৫ নৱেম্বৰলৈ চলিব প্ৰদৰ্শনী
যোৰহাট, ১৮ নৱেম্বৰ: উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনী আৰু কাৰুশিল্পীসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন তথা বিক্ৰীৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে যোৰহাট ষ্টেডিয়াম চৌহদত ৰাজ্যিক পৰ্যায়ৰ ‘গান্ধী শিল্প বজাৰ’ৰ শুভ উদ্বোধন কৰা হয়। ১৭ নৱেম্বৰত উদ্বোধন কৰা এই প্ৰদৰ্শনীখন অহা ২৫ নৱেম্বৰলৈ চলিব।
বস্ত্ৰ মন্ত্ৰালয়ৰ উন্নয়ন আয়ুক্ত (হস্তশিল্প)ৰ কাৰ্যালয়ৰ এন এইচ ডি পি আঁচনিৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চল হস্তশিল্প আৰু হস্ততাঁত বস্ত্ৰশিল্প উন্নয়ন নিগমে এই বজাৰৰ আয়োজন কৰিছে।
উন্নয়ন আয়ুক্ত (হস্তশিল্প)ৰ কাৰ্যালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক সঞ্চালক হৰকান্ত বড়োৱে কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ সঞ্চালক ড০ কাৰ্তিক নেওগ আৰু যোৰহাটৰ উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ সহকাৰী সঞ্চালক শশীকান্ত গুপ্তাৰ উপস্থিতিত প্ৰদৰ্শনীখন উদ্বোধন কৰে।
এই বজাৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৭০গৰাকী শিপিনী আৰু কাৰুশিল্পীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ হস্ততাঁত, হস্তশিল্প আৰু ৰেচমৰ সামগ্ৰী পোনপটীয়াকৈ গ্ৰাহকৰ আগত প্ৰদৰ্শন আৰু বিক্ৰীৰ সুযোগ লাভ কৰিছে। প্ৰদৰ্শনীখনত অঞ্চলটোৰ পৰম্পৰাগত বস্ত্ৰশিল্প আৰু কাৰুশিল্পৰ বৈচিত্ৰ্যপূৰ্ণ সম্ভাৰ দাঙি ধৰা হৈছে।
